অভিযন্তা অপুৱে নদীখনৰ পাৰত থিয় হৈ যৌৱনৰ ঔদ্ধত্বৰে বোৱতী পানীৰ ধাৰালৈ চাই পঠিয়ালে-যদিওবা যৌৱনৰ বেলি মাজআকাশৰ পৰা অকণমান আঁতৰিছে তথাপিও জীৱনআকাশ প্ৰখৰ ৰ’দেৰে দিপ্তীমান ৷ “ঠিকতো নদী নহয়, জান বুলিলেও ভুল নহ’ব – এই সৰু নৈখনৰ অতপালি আৰু চাই থাকিব নোৱাৰি” – অপুৱে মনতে ভাবিলে আৰু তাৰ যৌৱনৰ বলেৰে নৈখন বশ কৰিবলৈ থিৰ কৰিলে ৷
এই ডুৰামাৰী জানখনেই তাৰ আৰু জ্যেষ্ঠ বিষয়া অভিযন্তাসকলৰ নিদ্ৰাহৰণ কৰি ৰাখিছে যোৱা প্ৰায় দুবছৰ ধৰি ৷ দেখাত জানখন তেনেই শান্ত-শিষ্ট কিন্ত তলে-তলে থকা সোঁতে অথন্তৰত পেলাইছে সিহঁত সকলোকে ৷ প্ৰায় চাৰিদশক আগতে তেলপৰিবাহী পাইপলাইনকেইডাল সাজোতে ডুৰামাৰীজানৰ তলিভাগৰো ভালেমান তলেৰে সুন্দৰকৈ ডিজাইন কৰি ভাঁজ দি ‘চাবমাৰ্জড্ ক্ৰচিঙ’ হিচাবে বহুউৱা হৈছিল ৷ জানখনৰ দুয়োপাৰৰ পথাৰত পাইপলাইনকেইডাল নিয়ম অনুসৰি ভূপৃষ্ঠৰ পৰা ডেৰমিটাৰমান তলত বহুউৱা হৈছিল ৷ কিন্তু ডুৰামাৰীজানে তিনিবছৰমান আগৰ পৰা এইঠাইত গতি সলনি কৰিবলৈ লয় আৰু ক্ৰমান্বয়ে পূৰ্বৰ পাইপলাইনৰ ‘চাবমাৰ্জড্ ক্ৰচিঙ’ৰ পৰা আঁতৰি আহি পথাৰৰ মাজেৰে গতি লৈ দেশৰ বাবে মহামূল্যবান তেলপৰিবাহী পাইপলাইনকেইডাল তলে-ওপৰে মাটি নোহোৱা কৰি একেবাৰে উন্মুক্ত অৱস্থাত ওলমাই পেলালে ৷
নদীৰ গতি পৰিৱৰ্তন এক স্বাভাৱিক কথা আৰু যিবোৰ ঠাইত পাইপলাইনৰ নদীৰ সৈতে ক্ৰচিং আছে তাত নদীয়ে পাৰ খহোৱাৰ বাবে আৰু গতিপথ সলোৱাৰ বাবে পাইপলাইন প্ৰায়েই মাটিৰ আৱৰণ নোহোৱা হৈ ভূপৃষ্ঠত মুক্ত হৈ পৰে ; তেনেক্ষেত্ৰত পাইপলাইন পুণৰ ভুপৃষ্ঠৰ তলত সুমুৱাবলৈ কেনে ব্যৱস্থা ল’ব লাগে সেই বিষয়ে এজন পাইপলাইন অভিযন্তা হিচাবে অপুৱে ইতিমধ্যে ভালেখিনি অভিজ্ঞতা আহৰণ কৰিছিল ৷ কিন্তু ডুৰামাৰীজানখনে যেন সময়ৰ সৈতে মিলি তাহাঁতৰ বিৰুদ্ধে ষড়যন্ত্ৰতহে লিপ্ত হৈছে অপুৰ তেনে লাগিছিল ৷ কাৰণ সেই সময় আছিল অনিশ্চয়তাৰ সময়, ভয় আৰু অবিশ্বাসৰ সময় ৷ অসমক সমানে দ্বিখণ্ডিত কৰাৰ দাবীত চলা আন্দোলন তেতিয়া তুঙ্গত আৰু সেই দাবী পূৰণৰ বাবে আন্দোলন কৰাসকলৰ একাংশ আছিল হিংসাত্মক পন্থাত বিশ্বাসী ৷ তেওঁলোকে হাতৰ বন্দুকেৰে বিনদ্বিধাই গুলি চলাইছিল, গ্ৰনেড নিক্ষেপ আৰু বোমা বিস্ফোৰণেৰে জীৱন্ত দেহ একোটা মূহুৰ্ততে নিৰ্জীৱ ৰক্ত-মাংসৰ পিণ্ড কৰি পেলাইছিল নিসংকোচে ; অৱৰোধ আৰু কূটাঘাটেৰে ৰেল আৰু পথ যোগাযোগ সঘনে ব্যাহত কৰিছিল ; ভীতি-প্ৰদৰ্শন, অপহৰণ, হত্যা আদি নিত্য-নৈমিত্তিক ঘটনা হৈ পৰিছিল ৷ আকাশ নিনাদিত হৈছিল আবেগিক শ্লোগান আৰু বিক্ষোভৰ ধ্বনিৰে, বতাহত ভাঁহিছিল তেজ আৰু বাৰুদৰ গোন্ধ ৷
ডুৰামাৰীত উন্মুক্ত হৈ পৰা তেলপৰিবাহী পাইপলাইনকেইডাল কূটাঘাটকাৰীৰ বাবে এটা অতি সহজ লক্ষ্য হ’ব পাৰে কাৰণ বোমাৰে ধ্বংস কৰা পাইপলাইনৰ পৰা নিৰ্গত হোৱা অতিদাহ্য তেলেৰে ভালেমান ঠাই জুৰি বিস্তৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনা প্ৰবল ৷ সেয়ে স্বাভাৱিকতেই ডুৰামাৰীৰ পৰিস্থিতি কোম্পানীৰ অভিযন্তাসকল আৰু চৰকাৰৰ বিষয়াসকলৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল আৰু বিষম পৰিস্থিতিৰ কোকৰাঝাৰ অঞ্চললৈ গৈ সেই কামটো কাৰিকৰীভাৱে চম্ভালাৰ দায়িত্ব পৰিছিল বিভাগীয় অভিযন্তা অপুৰ ওপৰত ৷
--“ডুৰামাৰীৰ যেনেকৈ মন যায় তেনেকৈয়ে বৈ থাকক; আমি ডুৰামাৰীৰ নতুন সুঁতিৰ তলিভাগৰো ভালেমান তলেৰে নতুনকৈ পাইপলাইনৰ ‘চাবমাৰ্জড ক্ৰচিং’ বহুৱাম আৰু মুকলি হৈ পৰা পাইপলাইনৰ অংশ উঠাই ল’ম ৷” – দুবাৰমান চৰজমিন পৰিস্থিতি অধ্যয়নৰ পাচত অপুৱে স্থিৰ সিদ্ধান্ত ল’লে, --“কামটো যথেষ্ট প্ৰত্যাহ্বানজনক হ’ব কিন্তু সঠিককৈ কৰিব পাৰিলে বেছ ভাল লাগিব ৷” সেয়ে সেইবাৰ কণিষ্ঠ অভিযন্তা, ফিটাৰ আদিক লগত লৈ অপুৱে কামৰ ঠাইত উপস্থিত হৈ জোখমাখ লৈ থলিতে মোটামুটিকৈ ড্ৰইং আৰু প্ৰাককলন প্ৰস্তুত কৰাত হাত দিলে ৷
কামৰ লগে লগে দলৰ সদস্যসকলৰ সৈতে কামটো কৰোঁতে সন্মুখীন হ’ব পৰা অসুবিধাবোৰৰ বিষয়েও সি আলোচনা চলাই ৰাখিলে,--“নদীৰ তলেৰে পাইপলাইনৰ নতুন অংশ তৈয়াৰ হোৱাৰ পিচত পুৰণি অংশৰ সৈতে ‘হুক আপ’ কৰিবৰ বাবে তেল পৰিবহন কৰি থকা পুৰণি পাইপলাইন নদীৰ দুয়োপাৰে যেতিয়া কটা হ’ব তেতিয়া যথেষ্ট তেল মুকলিলৈ ওলাই আহিব ৷ সেই অতিদাহ্য তেল খুব সাৱধানে এঠাইত জমা কৰি ৰখাৰ নিখুঁত ব্যৱস্থা কৰিব লাগিব ; কামৰ পিচত তেলখিনি পুণৰ পাইপলাইনত সাৱধানে সুমুৱাই দিবও লাগিব ৷ বাহিৰত জমা কৰি থোৱা অৱস্থাত তেলত কেনেবাকৈ জুই লাগিলে ভয়ানক কাণ্ড হ’ব, তেল কেনেবাকৈ নদীৰ পানীলৈ গ’লেও সাংঘাতিক প্ৰদূষণ হ’ব –কূটাঘাতকাৰীয়ে পৰিস্থিতিৰ সুবিধা লৈয়ো তেনে কাম কৰিব পাৰে ৷” – অপুৰ কপালত চিন্তাৰ ৰেখাই থুপ বান্ধিলে ৷
---“হুক আপৰ কাম নিখুঁত পৰিকল্পনাৰে দুদিনৰ ভিতৰতে সম্পন্ন কৰিব লাগিব, নহ’লে শোধনাগাৰ তেলৰ অভাৱত বন্ধ কৰিব লগা হ’ব পাৰে, সেই কথা কোনেও মানি ন’লব ৷ শোধনাগাৰৰ পৰা মাৰ্কেটিঙলৈ তেল পৰিবহনো ব্যাহত হ’বলৈ দিব নোৱাৰি ৷ গতিকে কামটোৰ পৰিকল্পনা সকলো দিশ চালিজাৰি চাই তৈয়াৰ কৰিব লাগিব আৰু কামটো পৰিকল্পনাৰ পৰা চুলি এডালমানো হেৰফেৰ নোহোৱাকৈ কৰিব অঁটাব লাগিব ৷ পিচে পৰিস্থিতি, বিশেষকৈ এই অঞ্চলটোৰ পৰিৱেশ এনে ভয়াবহ হৈ আছে যে যিকোনো মূহুৰ্ততে যিকোনো অবাঞ্চিত ঘটনাই ঘটিব পাৰে ৷” – সি আকৌ নিজৰ মত প্ৰকাশ কৰিলে ৷
--“কিন্ত এই চাবমাৰ্জড ক্ৰচিংটো নতুনকৈ সাজি উলিওৱাৰ বাদে আন উপাই মই দেখা নাই; সেইটোৱেই একমাত্ৰ ইঞ্জিনিয়াৰিং সমাধান, নে কি কয় আপুনি?”- অপুৰ প্ৰশ্নত আন কেইজনে সন্মতিসূচকভাৱে মূৰ দুপিয়ালে ৷
সেই মূহুৰ্ততে অপুৱে অনুভৱ কৰিলে পিচফালৰ পৰা কান্ধত কাৰোবাৰ হাতৰ স্পৰ্শ ৷ এক অঘটনৰ আশঙ্কাই তাৰ বুকুত ঢক্ কৈ খুন্দিয়ালে, তড়িৎ গতিত এটা বিদ্যুৎ শ্বকৰ দৰে শিহঁৰণত তাৰ শৰীৰ কঁপি উঠিল ; কিন্তু পিচ মূহুৰ্তত সি কান্ধত অনুভৱ কৰিলে এক মৃদু স্পৰ্শ আৰু শুনিলে এক মৃদু সম্বোধন –“চাৰ”৷ এক প্ৰচণ্ড আক্ৰমনাত্মক চিঞৰ, এক প্ৰচণ্ড আঘাতৰ প্ৰত্যাশাত জঠৰ হৈ পৰা তাৰ শৰীৰৰ পেশী সেই মাতত শিথিল হ’ল, বুকুৰ ঢপঢপনি অলপ কমিল ৷ পিচলৈ ঘূৰি চাই অপুৱে দেখিলে আঁঠুমূৰী্যা ধুতি আৰু উদং গাৰে এজন নিতান্ত নিমাখিত মানুহ – তালৈ চাই আছে ; মধ্যমীয়া ওখ মানুহজন ক্ষীন, শৰীৰ ৰ’দে পোৰা , মুখখন দেখিলে বয়স পঞ্চাশমান হোৱা যেন লাগে কিন্তু জীৱনৰ বোজাই শৰীৰত বয়সতকৈ বেছি চাপ পেলাইছে ৷
--“চাৰ আপোনালোক পাইপলাইন কোম্পানীৰ মানুহ যেন পাইছোঁ !”—মানুহজনে সোধো-নোসোধোকৈ ক’লে ৷
--“হয় ৷”
--“চাৰ আপোনালোক ইয়াত ইমানদেৰী থকাতো বৰ ঠিক হোৱা নাই, মানে চাৰ আপুনিতো বুজি পাইছেই ৷ আপোনালোক বিপদত পৰিব পাৰে – চাৰ আপোনাৰ দৰে ইঞ্জিনিয়াৰ, অফিচাৰ কিডনেপ হৈ যাব পাৰে --”
অপু সচকিত হৈ উঠিল, ততাতৈয়াকৈ কাম সামৰিলে আৰু যাবলৈ সাজু হ’ল ৷
মানুহজনে আকৌ মাত দিলে –“চাৰ, এতিয়াই নাযাব” – তেওঁৰ মাতত অনুনয় ফুটি উঠিল,--“মোৰ ঘৰতে অলপ সময় বহক আৰু জীপগাড়ীখন থানালৈ পঠিয়াই দিয়ক ; পুলিচক সুধিহে ইয়াৰ পৰা ওলাই যোৱাতো ঠিক হ’ব চাৰ ৷”
সমুখৰ কোঠাটোত বহি অপুৱে চকুফুৰাই চালে – ঘৰটো পুৰণি, কিছু জীৰ্ণ যদিও পৰিষ্কাৰ ; বাঁহৰ বেৰৰ ওপৰত মাটি লেপা – ঠায়ে ঠায়ে মাটি খহিছে ; ওপৰত গোটাবাঁহৰ ফ্ৰেমত টিনপাত – মামৰে ধৰিছে ৷ গৃহস্থনীয়ে বিস্কুটৰ সৈতে একোকাপ ৰঙাচাহ যাচিলে ৷ গৃহস্থয়ো একাপ চাহ লৈ বঙলুৱা সুৰৰ অসমীয়াত আৰম্ভ কৰিলে,-“চাৰ মোৰ নাম বোধন দে ৷ দেশ বিভাজনৰ সময়ত মোৰ দেউতা ডেকাল’ৰা আছিল, বিয়া কৰোৱাই নাছিল ৷ মাক, দেউতাক আৰু সম্বন্ধীয় কেইজনমান মানুহৰ সৈতে তেওঁ পূৰ্ববঙ্গৰ পিতৃপুৰুষৰ গাওঁখন এৰি আহিছিল ৷ ত্ৰিশ বিঘা খেতিৰ মাটি আৰু ঘৰ-বাৰী লুণ্ঠনকাৰীয়ে দখল কৰি লৈছিল, খুৰাক-খুৰীয়েকৰো মৃত্যু হ’ল হত্যাকাৰীৰ হাতত ৷ বিভাজিত দেশখনৰ এইপাৰে আহি একেবাৰে নিস্বঃ অৱস্থাত দেউতাহঁতে দুবছৰমান অঘৰীৰ দৰে ইঠাই-সিঠাইকৈ ঘূৰি ফুৰিলে – কেতিয়াবা চৰকাৰৰ পৰা দিয়া ভগনীয়া সাহাৰ্য্য, কেতিয়াবা খুজি-মাগি দিন পাৰ কৰি শেষত আন এদল উদ্ধাস্তুৰ সৈতে ডুৰামাৰীৰ পাৰৰ এই ঠাই পালেহি ৷ তেতিয়া এই ঠাইৰ কিছু আঁতৰত চাৰিখনমান পাতল বসতিৰ গাওঁ আছিল ৷ এই ঘৰ-বাৰী হেৰুউৱা মানুহখিনিয়ে ইয়াতে পোৱা বাঁহ-খেৰেৰে নতুনকৈ ঘৰ সাজি বহোতে কোনেও আপত্তি কৰা নাছিল ৷ মানুহখিনিয়ে বহুত কষ্ট কৰি নতুনকৈ খেতিবাতি কৰি চলিবলৈ আৰম্ভ কৰিলে ; এইবোৰ কথা মই সৰুৰে পৰা শুনিছোঁ আৰু সৰুতে তেনে কষ্ট দেখা মনত আছে ৷ কিন্তু আমি গোটেই মানুহখিনিয়ে ডুৰামাৰীৰ পাৰত সুখে-শান্তিৰেই ইমানদিন পাৰ কৰিলোঁ ৷ কিন্তু এতিয়া এই আন্দোলনে সকলো শেষ কৰি পেলাইছে ৷ আমি অনবৰতেই ভয়ত থাকো ৷ ভালে থাকক বুলি ছোৱালীজনীক কম বয়সতে মঙ্গলদৈলৈ বিয়া দি দিলোঁ ; মোৰ ল’ৰাদুটা বাসুগাঁৱতে হাইস্কুল পাৰ কৰি কলেজত পঢ়িছিল, কিন্তু দিনবোৰ বৰ বেয়া হৈ গ’ল ৷ মই মৰিলেও কোনো কথা নাই কিন্তু ল’ৰাদুটাকতো গুলি খাবলৈ দিব নোৱাৰি – সিহঁতৰ জীৱন আৰম্ভ হৈছেহে ৷ আমি সিহঁতদুটাক কোচবিহাৰলৈ পঠিয়াই দিলোঁ ৷ এনেকুৱা বেয়া সময়তে শান্ত-শিষ্ট ডুৰামাৰীয়েও মোৰ ধানখেতিৰ মাটিলৈ সোমাই আহি আধাৰ বেছি মাটি খাই পেলালে ৷ যিখিনি মাটি ৰৈছেগৈ তাৰপৰা হোৱা উপাৰ্জনেৰে ল’ৰাহঁতৰ পঢ়াৰ খৰচ দিব নোৱাৰো ৷ এতিয়া মোৰ সোনগুটিদুটাই তাতে দিনহাজিৰা কৰে, যি পাই তাৰে কিবাকৈ চলে আৰু আমালৈও অলপ পঠিয়ায়,”—তেওঁৰ মাত থোকাথুকি হ’ল, চকুৰ কোনত দুটোপাল চকুলো বিৰিঙিল ৷
বেৰৰ সিপাৰৰ কোঠাৰ পৰা মানুহগৰাকীৰ চেপা কান্দোনৰ শব্দ ভাঁহি আহিল ৷
শুনা গ’ল বুঢ়ী এগৰাকীৰ – বোধনৰ মাকৰ চাগে – দুখভৰা বিলাপ, --“আমি আকৌ এবাৰ সৰ্বস্বান্ত হ’ম –হে ভগৱান !”
প্ৰকৃতিষ্ঠ হৈ বোধন দেই এইবাৰ সুধিলে,--“চাৰ আপোনালোকে পাইপলাইনকেইডাল কাটিব খুজিছে নেকি? আপোনালোকে চাগে ডুৰামাৰীৰ নতুন সুঁতিটোৰ তলেৰে নতুনকৈ পাইপ বহুৱাবলৈ ঠিক কৰিছে ! কিন্তু চাৰ বগা চাহাববোৰে নিশ্চয় কিবা চিন্তা কৰিহে ডুৰামাৰীৰ পুৰণা সুঁতিটোৰ তলেৰে পাইপলাইন বহুৱাইছিল ৷”
অপুৱে জীৰ্ণ পঁজাৰ সাধাৰণ খেতিয়কজনৰ সৈতে তেনেকুৱা কাৰিকৰী বিষয় আলোচনা কৰাৰ প্ৰয়োজনবোধ নকৰিলে ৷
বিনয় আৰু ধৈৰ্য্যৰে বোধনে মিনতি কৰি ক’লে,--“চাৰ, পাইপলাইনকেইডাল কাটিলে বহুতো অসুবিধা হ’ব যেন লাগে ৷ হয়তো চাৰ -- মানে আপুনি এজন ইঞ্জিনিয়াৰ, বহুত কথা জানে--- আপোনাক দিহা দিবলৈ মইনো কোন ! --- তথাপি চাৰ, মানে চাৰ – নদীৰ পাৰতে পঞ্চাশ বছৰমান আছোঁ যে সেয়ে – নহয় নহয় বেছি নহয়—মানে নদীয়েনো কেনেকৈ পাক সলাই সেই বিষয়ে অলপ জানো—মানে--”
অপুৱে ভাবিলে,--“হয়তো – হয়তোবা – নদীৰ কাষৰ এই খেতিয়কজনে নদীৰ গতি-প্ৰকৃতি অলপ-অচৰপ জানিবও পাৰে ৷ হু-ম হু – জা-নি-ব-ও পা-ৰে,”— এনেদৰে ভাবিলে যদিও অপুৱে পিচে মনৰ ভাব বোধনক জানিবলৈ নিদিলে ৷
বোধনে পুণৰ অনুনয় কৰিলে,-“চাৰ, যদিহে নদীখনক পাইপলাইনৰ আগৰ তিনি চাৰিটামান ভাঁজৰ পৰা পিচৰ দুটামান ভাঁজলৈকে অলপ অলপকৈ ঠেলি পুৰণা সুঁতিটোলৈ লৈ যাব পৰা যায় তেন্তে বেছি ভাল হ’ব চাগে – তেতিয়া তেলভৰ্তি পাইপলাইন নেকাটিলেও হ’ব –মানে কথাটোহে কৈছো চাৰ – আমাৰ নদীয়ে খাই পেলোৱা মাটিখিনিও উদ্ধা-ৰ হ’-ব--, বেয়া নেপাব – সদাই নদীৰ পাৰতেই আছোঁ যে --- আপুনি হ’ল ইঞ্জিনিয়াৰ, মইনো আপোনাক ক’বলৈ কোন--”
অপুৱে বোধনৰ কথা শুনি দ কৈ চিন্তা কৰিলে, কামটো সুকলমে কৰাৰ আন এটা ভাল পথ পোৱা যেন উপলব্ধি হ’ল তাৰ, যদিওবা কথাটোত তেওঁৰ মাটিখিনি উদ্ধাৰৰ স্বাৰ্থও সোমাই আছে ৷ ঘপকৈ থিয়হৈ সি ক’লে,--“বলক তেনে, আপোনাৰ পৰামৰ্শটো নৈৰ পাৰত থিয়হৈ ভালকৈ বুজি লওঁ ৷”
--“নেলাগে চাৰ, আজি নেলাগে—আজি ইয়াত আৰু বেছি দেৰী থকাতো আপোনালোকৰ কাৰণে ভাল ন’হব ৷ এসপ্তাহমানৰ পিচত এদিন আহক নহ’লে ৷”
উভতি আহি থাকোতে বাটত অপুৱে যিমানে নৈখন এৰাসুঁতিটোলৈ অলপ অলপকৈ ঠেলি নিয়াৰ পৰামৰ্শটোৰ বিষয়ে ভাবিলে সিমানে কথাটো তাৰ বেছি মনঃপুত হ’বলৈ ধৰিলে আৰু উভতি গুৱাহাটীত ঘৰ পাইমানে তাৰ মনত কামটোৰ পৰিকল্পনা এটাও গঢ়লৈ উঠিল; সেই ভাৱত তন্ময় হৈ থাকোতে গুৱাহাটীলৈকে দুশ কিলোমিটাৰতকৈ বেছি যাত্ৰাত ঠতৰা জীপগাড়ীখনৰ থেকেচনি সি বৰকৈ অনুভৱেই নকৰিলে ৷
অপুৱে তাৰ ওপৰৰ অভিযন্তাসকলক ডুৰামাৰীৰ নসুঁতিটোৰ তলেৰে নতুনকৈ ‘চাবমাৰ্জড ক্ৰচিং’ তৈয়াৰ কৰা আৰু নৈখন পুৰণি সুঁতিলৈ ঠেলি নিয়া এই দুয়োটা পৰিকল্পনাৰে কথা অৱগত কৰিলে আৰু পুৰণি সুঁতিলৈ নৈখন ঠেলি নিয়াতো যে বেছি ফলপ্ৰসূ সমাধান হ’ব সেই কথাটোত জোৰ দিলে ৷ যদিওবা আলোচনাত ঐক্যমতত উপনীত হ’ব পৰা নগ’ল তথাপি পৰাপক্ষত তেলভৰ্তি পাইপলাইনকেইডাল যে নকটাতোৱেই ভাল সেইকথা পৰিষ্কাৰ হ’ল ৷ ক্ষেত্ৰঅভিযন্তা হিচাবে সঠিক সিদ্ধান্ত লোৱাৰ দায়িত্ব মূলতে অপুৰ ওপৰতেই ন্যস্ত হ’ল আৰু অপুৱেতো বোধন দেৰ পৰামৰ্শকেই ইতিমধ্যে মনেৰে মানি লৈছিল যদিওবা দুজনমান জ্যেষ্ঠ অভিযন্তা নদীৰ গতি সলোৱাৰ পৰিকল্পনাৰ সফলতাৰ প্ৰতি কিছু সন্দিহান আছিল ৷
অপুৱে এসপ্তাহৰ পাচত পুণৰ গৈ বোধনক লগ ধৰিলেগৈ আৰু বোধনে অতি উৎসাহেৰে নৈখনৰ পাৰে পাৰে কেইবাবাৰো উজনি ভটিয়নীকৈ নদীৰ গতি সলোৱাৰ পৰিকল্পনাটো অপুক বাখ্যা কৰিলে ৷ কথাখিনি বুজি লৈ আৰু নিজেও চিন্ত-চৰ্চা কৰাৰ পিচত পৰিকল্পনাটো যে বেছ কাৰ্যকৰী হ’ব সেই বিষয়ে অপুৰ কোনো সন্দেহ নেথাকিল ৷
--“বাৰু , এনে এটা পৰিকল্পনা আপুনি কেনেকৈ ভাবি উলিয়ালেনো ?”—অপুৱে সুধিলে
--“চাৰ, বহুত বছৰ ধৰি দেখোঁতে দেখোঁতে নৈখনৰ গতিবিধি অলপ বুজি পোৱা হ’লো, বান নিয়ন্ত্ৰণ বিভাগৰ ঠিকাদাৰৰ লগত ওচৰ-পাজৰৰ নদীবোৰত কাম কৰোঁতেও কিছু শিকিছোঁ ; তেওঁলোকে এনেধৰণৰ কাম প্ৰায়েই কৰি থাকে৷”
বান নিয়ন্ত্ৰণ বিভাগৰ অভিযন্তাৰ লগত পৰিকল্পনাটো এবাৰ আলোচনা কৰাৰ প্ৰয়োজনীয়তা অপুৱে অনুভৱ কৰিলে ৷
--“কিন্তু চাৰ পৰিস্থিতি ইমান বেয়া, অফিচটো চাগে বন্ধই আছে, চকীদাৰ পিয়নকহে আপুনি লগ পাবগৈ ৷” অপুৱেও অনুমান কৰিলে যে আন্দোলনৰ ভয়ানক পৰিস্থিতিত বিভাগৰ অভিযন্তাসকলৰ বাবে কাৰ্যালয়লৈ অহাতো নিশ্চয় অসম্ভৱেই হৈ পৰিছে ৷
পৰিকল্পনাটো সম্পূৰ্ণকৈ যুগুতাই, হিচাপ-পত্ৰ আৰু বস্তু-বাহানি যোগাৰ কৰাৰ উপৰিও সেইঠাইত কামটো কৰি উলিওৱাৰ বাবে ঠিকাদাৰ এজন ঠিক কৰি লওঁতেই কেইমাহমান পাৰ হ’ল ৷ তাৰপিচত খৰালিত অপুৱে কনিষ্ঠ অভিযন্তা আৰু ঠিকাদাৰৰ সৈতে ডুৰামাৰীলৈ গৈ নৈখন লাহে লাহে পুৰণি সুঁতিলৈ বোৱাই নিয়া কামটোত হাত দিলেগৈ ৷
ঠিকাদাৰৰ অধীনৰ কৰ্মীদলৰ দলপতি হিচাবে বোধনে লগত কিছু স্থানীয় বড়ো আৰু বাঙালী ডেকাক লৈ কামটো আৰম্ভ কৰিলে ৷ কাম চলাৰ খবৰ পাই ইটো-সিটো সুবিধা বিচাৰি আৰু বিভিন্ন দাবীলৈ অহা দলবোৰক ঠিকাদাৰজনে নিজা নিয়মেৰে সন্তোষ্ট কৰিলে ৷ ওচৰৰ গাঁৱৰ যুৱক বেৰগোৰ সৈতে অপুৱে বন্ধুত্ব কৰিলে কাৰণ চতুৰ বেৰগো যে আন্দোলনৰ আৰু আন আন পক্ষৰ ভালেমান প্ৰভাৱশালী ব্যক্তিৰ সৈতে সুবিধা বুজি হলিগলি কৰাত পাকৈত সেয়া অপুৱে দুদিনতে বুজি উঠিছিল ৷ বেৰগোৰ পৰা নিৰাপদ বুলি সংকেত পালেই তাৎক্ষণিকভাৱে ডুৰামাৰীলৈ গৈ কাম পৰিদৰ্শন কৰাৰ ব্যৱস্থা এটা অপুৱে কৰি ল’লে ৷ স্বাভাৱিকতেই বেৰগোৰ সহায় উচিত মূল্যৰ বিনিময়তহে পোৱা গৈছিল ৷
বোধনৰ পৰিকল্পনা কামত আহিল---পাইপলাইন ক্ৰচিঙৰ উজনিলৈ তৃতীয়টো ভাঁজত মানুহে খান্দি নৈখনৰ সুঁতিটো অলপ সলালে, তাৰ পিচৰটো ভাঁজত আৰু কিছু আৰু তাৰ পিচৰটোত আৰু কিছু সলাই পুৰণি সুঁতিত পেলালেগৈ ; ভটিয়নীৰ ফালেও ক্ৰমান্বয়ে তিনিটা ভাঁজলৈকে সুঁতিটো খান্দি পোনাই দি্য়াত ডুৰামাৰী পুণৰ এৰাসুঁতি হৈ পৰা পুৰণি সুঁতিটোৰে ববলৈ ধৰিলে ৷ খান্দি উলিওৱা মাটিৰে নসুঁতিটো পুতিপেলাই তাত ঘন ঘনকৈ পূৰণচিনৰ দৰে ভলুকা বাঁহৰ দীঘল দীঘল গোঁজ মাৰি মাটিখিনি টিপ লবলৈ দিয়া হ’ল, তাৰ ওপৰত চপৰা-চপৰে ঘাঁহ দি বৰষুণত যাতে মাটি উটি নাযায় তাৰ ব্যৱস্থা কৰা হ’ল ৷ নতুনকৈ জী উঠা সুঁতিটোৰ পাৰদুটা ৰক্ষাৰ বাবে ভলুকা বাঁহৰ দীঘল দীঘল গোঁজৰ শাৰী সমান্তৰালকৈ মাৰি তাৰ মাজত মাটিভৰ্তি কৰা বস্তাৰ কেইবাটাও তৰপ জাপি দিয়া হ’ল ; তাৰোপৰি পাৰদুটাত বাঁহৰ মুঢ়াও ৰুই দিয়া হ’ল ৷ এইদৰে প্ৰায় এবছৰৰ আশাশুধীয়া চেষ্টাৰ অন্তত সকলো নিশ্চিত হ’ল যে ডুৰামাৰী সেই সুঁতিটোতে সুস্থিৰ হ’ল – পাইপলাইনকেইডাল নকটাকৈয়ে কঠিন পৰিস্থিতিত এটা কঠিন কাম সমাধা কৰা হ’ল ৷ ডুৰামাৰীৰ গৰ্ভত মাটি হেৰুওৱা বোধন আৰু আন খেতিয়ককেইজনৰ ওঁঠত জীৱন ঘূৰাই পোৱাৰ হাঁহি বিৰিঙি উঠিল ৷
--“এতিয়াতো পৰম সুখী আপোনালোক, কাইলৈৰ পৰা হাল-কোৰলৈ পুণৰ খেতি কৰিব পাৰিব,”—তেওঁলোকৰ আনন্দৰ সমভাগীহৈ অপুৱে ক’লে ৷
--“আপোনাক যে কি বুলি কৃতজ্ঞতা জনাওঁ চাৰ ; পিচে খেতি আৰম্ভ কৰিবলৈহে ভালেমান দিন লাগিব ৷”
--“কিয় ?”
--“চাৰ, এজন খেতিয়কেহে জানে মাটি এডোখৰ খেতিৰ উপযোগী কৰি তুলিবলৈ কিমান যে যত্ন কৰিব লাগে ; আপুনি চাৰ নগৰৰ মানুহ, কি –কি-ন্-তু –আপুনি ভা-ল মানু-হ মা-মানে- এজন ভা-ল ইঞ্জি-নিয়াৰ --- মোৰ দৰে এ-জ-ন নিচলা মূ-ল্য-হীন গাঁৱ-লী-য়াৰ কথা আ-পুনি শুনি—লে-” –আবেগ আৰু দুখত বোধনৰ মাত থোকাথুকি হ’ল ৷
কেইটামান মুহুৰ্ত নীৰৱে পাৰ হোৱাৰ পাচত আবেগ বিহ্বলহৈ অপুৱে হঠাতে বোধনক সম্বোধি মাত দিলে,-“অ’ ইঞ্জিনিয়াৰ !”-
ওলাই আহিব খোজা হুমুনিয়াহ হেঁচা মাৰি ৰখাৰ চেষ্টাত বোধনৰ ওঁঠদুখন ভাঁজ ধৰি কঁপি উঠিল, যেন কান্দোন ওলাই আহিব--“এই দৰিদ্ৰ নি-চ-লাকনো কি-য় ঠা-ট্টা কৰিছে চা-ৰ—,”
--“মই ঠাট্টা কৰা নাই, মই কাকো কেতিয়াও ঠাট্টা নকৰো—তাতে আপুনি বয়সত মোতকৈ ডাঙৰ ; আপুনিয়েই ইঞ্জিনিয়াৰ—হয় আপুনিয়েই ইঞ্জিনিয়াৰ—এই সমস্ত পৰিকল্পনাটো কৰিছিল আপুনি—কামটো কেনেকৈ কৰি উলিয়াব লাগিব তাকো জানিছিল আপুনি--আপুনিয়েই ইঞ্জিনিয়াৰ এই কামটোৰ – মই মাত্ৰ যোগাৰখিনিহে কৰি দিছিলোঁ ৷ আপুনিযে মোক কিমান ডাঙৰ কথা শিকালে মই বুজাই ক’ব নোৱাৰো ৷”
অপুৱে হাতদুখন আগলৈ মেলি দিলে; ইতঃস্তত ভাবেৰে বোধনো লাহে লাহে আগুৱাই আহিল—ইজনে সিজনক সাৱটি ধৰিলে ; বোধনৰ ৰ’দেপোৰা শৰীৰৰ ঘাম আৰু ধূলিৰ গোন্ধ অপুৰ অকণো বেয়া নালাগিল – তাৰ এনে অনুভৱ হ’ল যেন বহুদিনে লগ নোপোৱা বৰ ককায়েকৰ সৈতেহে আলিঙ্গনবদ্ধ হৈছে ৷
ৰঙা চাহকাপত শোহা দিওঁতেই বোধনে মাত দিলে,-“চাৰ, নৈখনৰ নিচিনাকৈ জীৱনটোতো ভাঁজ থাকে- পাক থাকে ; মাজে মাজে জীৱনটোৱেও সুঁতি সলাব পাৰে , কিন্তু ভাঁজ আৰু পাকবোৰ ঠিকঠাক কৰি জীৱনৰ সুঁতি আকৌ সুস্থিৰ কৰিব পাৰি—তাৰবাবে অতীতৰ পৰা শিকিব লাগে আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰি ল’ব লাগে যিদৰে আমি নদীখনৰ উজনি আৰু ভটিয়নীৰ পাকবোৰ চাইহে কামটো কৰিলো — মোৰ জীৱনটোও সেইদৰে আকৌ থানথিত লগাব লাগিব ৷” বোধন সচকিত হৈ উঠিল,-“ইস্ মইযে কিবোৰ কথা আপোনাক কৈছো – ক’ৰ মই এটা দৰিদ্ৰ গাঁৱলীয়া আৰু আপুনি কিমান জনাবুজা লোক – ক্ষমা কৰিব চাৰ ৷”
কামটো শেষ হ’ল – জ্যেষ্ঠসকলে হেলিকপ্তাৰেৰে আকাশমাৰ্গৰ পৰা কামটো নিৰীক্ষণ কৰি অপুক প্ৰশংসা কৰিলে ৷ সেই দূৰ্লভ মূহুৰ্তত অপুৰ মন গৈছিল ‘সেই অভিযন্তাজনক’ জ্যেষ্ঠসকলৰ সৈতে পৰিচয় কৰাই দিয়াৰ, কিন্তু সুৰুঙা নোলালে ৷ হেলিকপ্তাৰখনে ডুৰামাৰীৰ পাইপলাইন ক্ৰচিঙৰ অঞ্চল আৰু সেই মামৰেধৰা টিনপাতৰ চালৰ মাটিৰ ঘৰটোৰ ওপৰত কেবাপাকো মাৰি গুৱাহাটীলৈ উভতিল ৷
প্ৰায় বাৰবছৰ বাগৰিল ৷ অপুৰ কিচকিচীয়া ক’লা চুলিত ৰূপালী আঁচোৰ পৰিল অভিজ্ঞতাৰ – জীৱনৰ আৰু কৰ্মশ্ৰমৰ ৷ ইতিমধ্যে এখন দুয়োকূল ৰক্ষাপৰা চুক্তিৰে আন্দোলনটো শামকটাত সেই অঞ্চলবোৰত ঘূৰাপকা কৰিবলৈ আগতকৈ কিছু নিৰাপদ হ’ল ৷ অপু জ্যেষ্ঠৰ শাৰীলৈ উঠি পুণৰ তেলৰ পাইপলাইনবোৰ চোৱাচিতা কৰা বিভাগটোলৈ উভতি আহিল ৷ যদিও কামৰ ঠায়ে ঠায়ে আগৰদৰে ঘূৰিফুৰাৰ প্ৰ্য়োজন নাছিল তথাপি এবাৰ ক্ষেত্ৰ পৰিদৰ্শনৰ কামত যাওঁতে নিজৰ তত্বাৱধানত হোৱা কামটোনো কেনে আছে চোৱাৰ উদ্দেশ্যে অপু ডুৰামাৰীৰ পাৰ পালেগৈ ৷ নৈখনে শান্ত-সমাহিত ভাবে দুয়োপাৰৰ খেতিপথাৰৰ মাজেৰে সিহঁতে বান্ধি দিয়া সুঁতিটোৰেই বৈ আছিল ৷ কেউফালে চকুফুৰাই অপুৱে বোধনৰ ঘৰটো দেখা পালে ; আগৰ সেই জৰাজীৰ্ণ অৱস্থাতকৈ ঘৰটো বহুতখিনি ভাল হ’ল, টিনপাতৰ চালখনো জিলিকি আছে ৷ আগফালে চোতালত বোধন বহি আছিল, কাষত থিয়হৈ আছিল তেওঁৰ পত্নী ৷ অপুক তাৰপৰাই চিনিব পাৰি তেওঁ হাঁহিমাৰি লাহে লাহে থিয় হ’ল ৷ মানুহজন অলপ কুঁজা হৈ পৰাতো অপুৱে লক্ষ্য কৰিলে ৷
--“ষাঠি পাৰহৈ আৰু দুবছৰমান হ’ব – তেনেকৈ কুঁজা পৰিবৰ বয়স হোৱা নাই ৷ দূৰ্দশাত পৰা জীৱনটো থানথিত লগোৱাৰ ভৰ চাগে বেছি গধুৰ হ’ল ৷”—অপুৱে অনুভৱ কৰিলে ৷
বোধনে থিয়হৈ থকাৰ পৰাই হাত জোকাৰিলে আৰু বোধনৰ ওচৰতে থিয়হৈ থকা ডেকামানুহজন-- বোধকৰো তেওঁৰ সোণামুৱা পুতেক দুজনৰ এজন—অপুৰফালে আগবাঢ়ি আহিল, পিচে পিচে দুটি শিশু ৷ অপুৰো অভিযন্তা বোধনক লগপাবৰ বৰ ইচ্ছা হ’ল – সিও ঘৰটোৰফালে খোজ দিলে ৷